আত্মাহীন হৈ পৰিল বৃহত্তৰ বজালী

Must Read

গুৱাহাটী, অচিন্ত্য শৰ্মা:এক সম্পূৰ্ণ সফল সাংসাৰিক আৰু সামাজিক জীৱন কটোৱাৰ পিছত ৮৭ বছৰ বয়সত অধ্যাপক সম্পূৰ্ণানন্দ তালুকদাৰৰ দেহাৱসান ঘটিল। সেইফালৰপৰা চাবলৈ গ’লে তেওঁৰ মৃত্যুত বিশেষ দুখ পাবলগীয়া বা দুখ কৰিবলগীয়া একো নাছিল। তথাপি কৈছো, এই মৃত্যু হিমালয়তকৈও গধুৰ। কাৰণ তালুকদাৰদেৱৰ মৃত্যুৰ লগে লগে একপ্ৰকাৰ আত্মাহীন হৈ পৰিল বৃহত্তৰ বজালী অঞ্চল।

ওখ-পাখ, ক্ষীণ মানুহজন। দীঘল দীঘল খোজ পেলাই আমাৰ ঘৰৰ সন্মুখেৰেই অহা-যোৱা কৰে। জানিছিলো, তেওঁ বজালী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক। কিন্তু এজন শিক্ষকৰ লগতে এজন সমাজহিতৈষী, সক্ৰিয় ৰাজহুৱা কৰ্মী হিচাপেও আমাৰ আগত তেওঁ পৰিচিতি লাভ কৰিছিল আমাৰ শৈশৱৰপৰাই।

আমাৰ প্ৰথম শৈশৱতেই আৰম্ভ হৈছিল ঐতিহাসিক অসম আন্দোলন। সেই আন্দোলনৰ জেৰ টানিয়েই ছাৰৰ সমাজকৰ্মী ৰূপটো আমি প্ৰথমবাৰৰ বাবে দেখিবলৈ পাইছিলো। ছাৰ আছিল আন্দোলনৰ অন্যতম মূল পৃষ্ঠপোষক। ছাৰৰ পৰামৰ্শ আৰু দিক নিৰ্দেশনা সেই জটিল দিনবোৰত আছিল স্থানীয় আছু আৰু গণসংগ্ৰাম পৰিষদৰ নেতা–কৰ্মীসকলৰ বাবে অমূল্য সম্পদ। আনহাতে আন্দোলনটোৰ লগত তেনেদৰে জড়িত হৈ পৰাৰ বাবে আৰক্ষী-প্ৰশাসনৰো যথেষ্ট হেঁচা বা নিৰ্যাতনৰ সন্মুখীন হ’ব লগা হৈছিল ছাৰ তথা ছাৰৰ পৰিয়াল। এইবোৰ আমি চকুৰ আগত দেখা কথা। মাজত কেইবাটাও দশক পাৰহৈ গ’লেও কথাবোৰ মনত আছে একেবাৰে নিখুঁটভাৱে।

এটা সময়ত আন্দোলন শেষ হ’ল। আন্দোলনৰ বুকুৰপৰাই অসম গণ পৰিষদ দলে জন্মলাভ কৰিলে। পিচে সেই দলে উপযুক্ত সময়ত ছাৰক উপযুক্তভাৱে অগ্ৰাধিকাৰ দিয়াত যেন কাৰ্পণ্য কৰিলে। যাৰ বাবে অগপৰ প্ৰাৰ্থী হিচাপে পাটাছাৰকুছিৰ পৰা বিধায়ক হোৱাৰ সৌভাগ্যৰ পৰা ছাৰ বঞ্চিত হ’ল; সম্ভ্ৰান্ত পাটাছাৰকুছি সমষ্টিৰ অধিবাসীসকল বঞ্চিত হ’ল এজন সম্ভ্ৰান্ত বিধায়ক পোৱাৰপৰা। কিন্তু সক্ৰিয় ৰাজনীতি যেন চাৰৰ বাবে আছিল সমাজসেৱাৰ এটা মাধ্যম। সেয়ে তেজত সমাজসেৱা থকা ছাৰে ৰাজনীতিৰ নিচাও এৰিব পৰা নাছিল। বিভিন্ন সময়ত বিভিন্ন মঞ্চৰ পৰা তেওঁ চেষ্টা কৰিছিল পাটাছাৰকুছি সমষ্টিক প্ৰতিনিধিত্ব কৰিবলৈ। অৱশ্যে জীৱনত হয়তো এই এটা কামতেই তেওঁ সফল নহ’ল; পিচে তাৰবাবে কোনোদিন তেওঁক আক্ষেপ কৰা নেদেখিলো।

এটা সময়ত ছাৰ বজালী মহাবিদ্যালয়ৰ (বৰ্তমানৰ ভট্টদেৱ বিশ্ববিদ্যালয়) অধ্যক্ষ হৈছিল। অধ্যক্ষ হিচাপে মহাবিদ্যালয়খনৰ প্ৰতি তেওঁ আগবঢ়োৱা অৱদান জিলিকি আছে শিক্ষানুষ্ঠানখনৰ চুকে-কোণে। কিন্তু ছাৰৰ জীৱনৰ অক্ষয় কীৰ্তি হিচাপে জিলিকি আছে পাঠশালা নগৰৰ পশ্চিম প্ৰান্তত গঢ়ি উঠা পাঠশালা মহাবিদ্যালয়খনহে। ছাৰে যেতিয়া এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ উদ্যোগ লৈছিল, তেতিয়া বজালী মহাবিদ্যালয়ৰ জয় জয় ময় ময় অৱস্থা। এনে অৱস্থাত পাঠশালাত আৰু এখন মহাবিদ্যালয়ৰ প্ৰয়োজন কি বুলি সেই সময়ত বহুতে প্ৰশ্ন কৰিছিল। কিন্তু আজি পাঠশালা মহাবিদ্যালয়ে ক’ব, ছাৰে সেই যুগতেই কিমান দূৰদৰ্শিতাৰ পৰিচয় দিছিল।

অকল পাঠশালা মহাবিদ্যালয়েই নহয়, ছাৰৰ হাতৰ পৰশেৰে প্ৰাণ প্ৰতিষ্ঠিত হৈছিল বৃহত্তৰ বজালী অঞ্চলৰ একাধিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ। কাৰ্যতঃ নিজৰ উদ্যমেৰে বজালী অঞ্চলৰ বাবে প্ৰাণ স্পন্দনৰ ভূমিকা পালন কৰিছিল তেওঁ। সেয়ে তেওঁৰ বিয়োগে আজি কাৰ্যতঃ আত্মাহীন কৰি তুলিছে বৃহত্তৰ বজালী অঞ্চলক। কাৰণ সক্ৰিয়তা যেনেকৈ এটা শৰীৰ জীৱন্ত হৈ থকাৰ লক্ষণ, থিক তেনেদৰে সামাজিক সক্ৰিয়তা এটা জাতিৰ, এটা জনগোষ্ঠীৰ, এখন ঠাইৰ বা এখন ঠাইৰ অধিবাসীসকলৰ বাবে জীৱন্ত হৈ থকাৰ লক্ষণ। বাস্তৱিকতে সামূহিক সক্ৰিয়তাই সমাজ এখনক জীয়াই ৰাখে। সামূহিক সক্ৰিয়তা নথকা সমজা এখন মৃত সমাজ। কিন্তু সামূহিক সক্ৰিয়তা নিজে নিজে নাহে; তাৰ বাবে নেতৃত্ব লাগে, উদ্যম লোৱা মানুহ লাগে। সেই নেতৃত্ব আৰু উদ্যম লৈছিল সম্পূৰ্ণানন্দ তালুকদাৰ ছাৰে।

তেওঁ যি সময়ত বজালী মহাবিদ্যায়ৰ শিক্ষক আছিল, সেই সময়ত কলেজ শিক্ষক একোগৰাকীৰ দৰমহা আজিৰ নিচিনাকৈ বেছি নাছিল। প্ৰতিগৰাকী কলেজ শিক্ষকৰ জীৱন আছিল সাধাৰণ মধ্যবিত্তৰ জীৱন। প্ৰত্যেকে নিজক আৰু নিজৰ পৰিয়ালটোক লৈয়েই ব্যস্ত থাকিবলৈ বাধ্য হৈছিল। ছাৰৰো আছিল এটা পৰিয়াল। ছাৰৰো জীৱনযাত্ৰা আছিল সাধাৰণ মধ্যবিত্তৰ জীৱন। তথাপি ছাৰে কেতিয়াও নিজক আৰু নিজৰ পৰিয়ালটোকলৈ ব্যস্ত থকা নাছিল। সাধাৰণ মানুহজনে নিজৰ ওপৰত অসাধাৰণত্ব আৰোপ কৰিবলৈ সক্ষম হৈছিল আৰু সমাজৰ বাবে ওলাই আহিছিল। যাৰ পৰিণতি আছিল পাঠশালা বা বজালীৰ প্ৰায় প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানতে তেওঁৰ উপস্থিতি।

ছাৰ আজি আমাৰ মাজত নাই। চিৰদিনৰ বাবেই তেওঁ আঁতৰি গ’ল আমাৰ মাজৰপৰা। কিন্তু বৃহত্তৰ বজালী অঞ্চলৰ বহুবোৰ অনুষ্ঠান-প্ৰতিষ্ঠানে যুগ যুগ ধৰি তেওঁৰ অস্তিত্ব আৰু উপস্থিতি ঘোষণা কৰি যাব। বজালীবাসীৰ হৃদয়ত তেওঁ জীয়াই থাকিব অনন্তকাল। তেওঁক বিচাৰি পোৱা যাব জণাকীৰ্ণতা অথবা নিৰ্জনতাৰ মাজত। কেৱল দুখ থাকি যাব এটা কথাত যে এজন সুলেখক হৈয়ো ছাৰে নিজে ঘণিষ্ঠভাৱে জড়িত থকা অসম আন্দোলনৰ ওপৰত কিতাপ এখন নিলিখিলে। যদিহে ছাৰে অসম আন্দোলনৰ ওপৰত কিতাপ এখন লিখিলেহেঁতেন, তেনেহ’লে নিঃসন্দেহে সেইখন হ’লহেঁতেন এক বিশাল তথ্য ভাণ্ডাৰ আৰু সেই গ্ৰন্থখনে খুলি দিলেহেঁতেন বহুতৰে মুখ আৱৰি ৰখা মুখাবোৰ।
লেখকৰ ফোন নং– ৮৮২২১৬৮১৭৫

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
128,000SubscribersSubscribe

Trending