উদ্যোগ আৰু বাণিজ্য বিভাগৰ কাম-কাজৰ পর্যালােচনা কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই

Must Read

গুৱাহাটী, ৭ জুন, NKTV:মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে জনতা ভৱনস্থিত নিজ কার্যালয়ৰ সভাকক্ষত আয়ােজিত এক বৈঠকত উদ্যোগ আৰু বাণিজ্য বিভাগৰ কাম-কাজৰ পর্যালােচনা কৰে। ৰাজ্যখনৰ ঔদ্যোগিক দৃশ্যপটক অধিক উজ্জ্বীৱিত কৰি তােলাৰ বাবে অনতিপলমে কেতবােৰ সক্রিয় পদক্ষেপ গ্ৰহণৰ বাবে তেওঁ বিভাগটোৰ মন্ত্রী চন্দ্র মােহন পাটোৱাৰীক পৰামৰ্শ আগবঢ়ায়। বিভাগটোৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনিৰ পর্যালােচনা কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনৰ ৩৯ শতাংশ অৰিহণা আগবঢ়োৱা উদ্যোগ খগুক এক নতুন গতি প্রদান কৰাৰ বাবে ষ্টার্ট আপ, ইজ অব ডুইং বিজনেছ আদিৰ দৰে বিশেষ ক্ষেত্ৰসমূহত আমি অধিক গুৰুত্ব আৰােপ কৰিব লাগিব। তেওঁ লগতে কয় যে, ৰাজ্যৰ উদ্যোগীসকলৰ আস্থা আৰু মনােবল শক্তিশালী কৰি তােলাৰ বাবে বিভাগটোৱে উপযুক্ত পদক্ষেপ গ্রহণ কৰিব লাগিব। উত্তৰ-পূব ঔদ্যোগিক উন্নয়ন আঁচনিৰ অধীনত বিভিন্ন প্রকল্প গ্রহণ বাবে আগ্রহীসকলে দাখিল কৰা প্ৰস্তারসমূহ অতি শীঘ্ৰে নিষ্পত্তিৰ ব্যৱস্থা কৰিবলৈ উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্ৰধান সচিব কে কে দ্বিবেদীক মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। ৰাজ্যখনৰ ঔদ্যোগিক ব্যৱহাৰৰ বাবে উপযােগী ভূমিৰ পৰিমাণৰ বুজ লৈ মুখ্যমন্ত্রী ড° শৰ্মাই এনেয়ে পৰি থকা ভূমিসমূহক উদ্যোগ আৰু বাণিজ্য বিভাগৰ জৰিয়তে বাণিজ্যিক ব্যবহাৰৰ বাবে এক পৰিকল্পনা যুগুত কৰিবলৈ বিভাগটোৰ প্রধান সচিবগৰাকীক নির্দেশ দিয়ে। ‘ইজ অব ডুইং বিজনেছ’ৰ নীতি নিদের্শনাসমূহ সুশৃংখলিতকৰণৰ দিশতাে তেওঁ বিশেষ গুৰুত্ব আৰােপ কৰে। ৰাজ্যখনত চাহিদাৰ ওপৰত নিৰ্ভৰশীল এক ঔদ্যোগিক বাতাৱৰণ গঢ়ি তুলিবলৈ তেওঁ বিভাগটোক নির্দেশ দিয়ে। আনহাতে, ৰাজ্যখনত সাঁচি, চন্দন আদিৰ দৰে মূল্যৱান গছৰ বাণিজ্যিক বৃক্ষৰােপণ অভিযান আকাৰে আৰম্ভ কৰাৰ বাবে এক বিস্তৃত পৰিকল্পনা গ্রহণৰ পােষকতা কৰে। কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত উপলব্ধ বিশাল ভূমিখণ্ডক এই গছসমূহৰ বাণিজ্যিক খেতিৰ বাবে উপযুক্ত স্থান হিচাপে ব্যৱহাৰ কৰিবলৈও তেওঁ উদ্যোগ আৰু বাণিজ্য বিভাগক পৰামৰ্শ আগবঢ়ায়। আনহাতে প্লাইউড তৈয়াৰ কৰাৰ বাবে ব্ৰহ্মপুত্ৰৰ দুয়ােপাৰে প্ৰয়ােজনীয় গছৰ খেতি কৰাৰ পদক্ষেপ ল’বলৈও তেওঁ বিভাগটোক নির্দেশ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
69,200SubscribersSubscribe

Trending