হায়দৰাবাদলৈ ৰপ্তানী অসমৰ থলুৱা নেমু, কঁঠাল,আনাৰস

Must Read

গুৱাহাটী, ২২ জুলাই, NKTV: শোণিতপুৰৰ চাৰিদুৱাৰবাসীৰ বাবে সুখবৰ। চাৰিদুৱাৰৰ অঞ্চলৰ পৰা আজিৰে পৰা হায়দৰাবাদলৈ ৰপ্তানী কৰা হৈছে থলুৱা নেমু, কঁঠাল আৰু আনাৰস। চাৰিদুৱাৰৰ নৱমিলন এগ্ৰ প্ৰডিউছাৰ কোম্পানী লিমিটেডৰ উদ্যোগত আজি চাৰিদুৱাৰৰ সোণাই পামৰ পৰা কোম্পানীটোৰ তত্বাৱধানত কৰা নেমু ৪০০ টা, গাৰোগাঁৱৰ কঁঠাল ২৫ টা আৰু ফুপগুৰি নিচিগাঁৱৰপৰা ২০০ টা আনাৰস হায়দৰাবাদলৈ পৰীক্ষামূলকভাৱে ৰপ্তানী কৰা হৈছে।
এই ৰপ্তানী কাৰ্যসূচী চাৰিদুৱাৰৰ ননকে বাকোলাত শুভাৰম্ভ কৰে শোণিতপুৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে । ইয়াৰ লগতে কোম্পানীটোৱে তেওঁলোকৰ তত্বাৱধানত ১১ বিধ বিভিন্ন প্ৰকাৰৰ ধানৰ খেতিও পৰ্যবেক্ষণ মূলকভাৱে প্ৰেৰণ কৰিছে । উল্লেখ্য যে,কোম্পানীটোৰ এনেধৰণৰ পদক্ষেপত জিলা কৃষি বিভাগে বিশেষ সহযোগিতা আগবঢ়াইছে বুলি জানিব পৰা গৈছে। এই অনু্ষ্ঠানত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে জিলা কৃষি বিভাগৰ বিষয়ববীয়া আৰু কৃষক উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
79,900SubscribersSubscribe

Trending