অৰুণাচলত নিৰ্যাতনৰ বলি অসমৰ যুৱক

Must Read

গুৱাহাটী, ২৭ জুলাই, NKTV: চুবুৰীয়া ৰাজ্য অৰুনাচলত পুনৰ নৃশংস আক্ৰমনৰ বলি হৈছে অসমৰ যুৱক ৷ পাৰিশ্ৰমিক বিচৰাৰ বাবেই দুই যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ কথা জানিব পৰা গৈছে। অৰুনাচলৰ নামপুঙত কৰ্মৰত দুই যুৱকক শাৰিৰীক ভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে ঠিকাদাৰৰ বিৰুদ্ধে ৷
লিডুৰ কলপাৰা গাঁও নিবাসী দীপক গোৱালা আৰু টিংকু গোৱালাক ঠিকাদাৰ চৌকত আলি নামৰ ব্যক্তিজনে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ তুলিছে দুই যুৱকে ৷ নিজৰ প্ৰাপ্ত পাৰিশ্ৰমিক বিচৰাৰ বাবেই প্ৰহাৰ কৰাৰ কথা জানিব পৰা গৈছে ৷ শৰীৰৰ বিভিন্ন অংশত গুৰুতৰ আঘাত পোৱাৰ লগতে বুকুতো আঘাত পাইছে দুই যুৱকে ৷ ইতিমধ্যে দীপক গোৱালা নামৰ যুৱকজনে শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধাৰ সন্মূখীন হোৱাৰ কথা সদৰী কৰিছে ৷
যুৱক দুজনক উগ্ৰপন্থীৰ ভাবুকি প্ৰদান কৰা বুলিও অভিযোগ উত্থাপিত হৈছে ৷ বৰ্তমান যুৱক দুজন অৰুনাচলৰ পৰা নিজৰ প্ৰাণ ৰক্ষা কৰি নিজ গৃহলৈ পলাই আহিবলৈ সক্ষম হৈছে ৷ যুৱক দুজনে ঠিকাদাৰ চৌকত আলিক বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ আহ্বান জনাইছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
128,000SubscribersSubscribe

Trending