অভিনেতা ছলমান খানক এতিয়াও পাহৰিব পৰা নাই একালৰ প্ৰেমিকা সোমি আলীয়ে

Must Read

গুৱাহাটী, ২০ জুলাই, NKTV: ETimesৰ সৈতে হোৱা শেহতীয়া এক সাক্ষাৎকাৰত এসময়ৰ বলীউডৰ অভিনেত্ৰী সোমি আলীয়ে চুপাৰষ্টাৰ চলমান খানৰ সৈতে তেওঁৰ আত্মপ্ৰকাশ নহোৱা কাৰণ মুকলিকৈ প্ৰকাশ কৰিলে। এসময়ৰ অভিনেত্ৰীগৰাকীয়ে বলীউডত বহু সময় পূৰ্বেই তেওঁৰ অভিনয় কেৰিয়াৰ অন্ত পেলাইছিল। যদিও সোমিয়ে উল্লেখ কৰে যে তেওঁ মানৱীয় কামৰ লগত জড়িত থাকিব পাৰি অত্যন্ত সুখী। অভিনেত্ৰীগৰাকীৰ অভিনেতা
ছলমান খানৰ সৈতে থকা সম্পৰ্কৰ বাবে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে, ১৯৯৯ চনতেই দুয়োৰে প্ৰেমৰ সম্পৰ্কৰ অন্ত পৰে। এই সাক্ষাৎকাৰত সোমিয়ে কয় যে টাইগাৰ ৩ৰ অভিনেতাজনৰ সৈতে তেওঁৰ আত্মপ্ৰকাশ তেওঁলোকৰ সম্পৰ্কৰ বাবে এক ৰূপক আছিল। ইয়াৰ সমান্তৰালভাৱে সোমিয়ে ছলমান খানৰ লগতে বলীউড ইণ্ডাষ্ট্ৰীৰ আন আন তাৰকা তথা বন্ধু সকলৰ লগত তেওঁ সম্পৰ্কত আছে নে এই সম্পৰ্কেও জানিবলৈ দিয়ে।
সোমিয়ে ছলমানৰ তেওঁৰ ঘৰুৱা প্ৰযোজনা ‘বুলন্দ’ নামৰ ছবিখনত তেওঁৰ বিপৰীতে অভিনয় কৰিছিল যদিও দুৰ্ভাগ্যবশতঃ ছবিখন বন্ধ কৰি দিয়া হৈছিল।
তদুপৰি, সোমি আলীয়ে প্ৰকাশ কৰিছিল যে তেওঁ যোৱা পাঁচ বছৰ ধৰি ছলমান খানৰ সৈতে যোগাযোগ কৰা নাই। তাই কৈছিল, “মই পাঁচ বছৰত ছলমানৰ সৈতে কথা পতা নাই। মই ভাবো আগবাঢ়ি যোৱাটো স্বাস্থ্যকৰ। মই আগবাঢ়িছো আৰু তেওঁও আগবাঢ়ি গৈছে। ১৯৯৯ চনৰ ডিচেম্বৰত মাহত মোৰ তেওঁ সৈতে হোৱা বিচ্ছেদৰ পিছত তেওঁ জীৱনলৈ কিমান গৰাকী প্ৰেমিকা আহিছে এই কথা মই নাজানো বুলি উল্লেখ কৰিলে সোমিয়ে। মই তেওঁলৈ শুভকামনা জনাইছো। মই জানো যে তেওঁৰ এনজিঅ’য়ে সুন্দৰ কাম কৰি আছে আৰু মই তেওঁৰ Being Human Foundationৰ বাবে গৌৰৱান্বিত। মানসিকভাৱে মই তেওঁৰ সৈতে সম্পৰ্ক নথকাটো মোৰ বাবে অধিক ভাল বুলি সোমিয়ে প্ৰকাশ কৰিলে। তেওঁ ভালে আছে আৰু তেওঁ সুখী বুলি জনাটোৱেই মোৰ বাবে ভাল,আৰু সেয়াই মই বিচাৰো।”
বলীউডৰ তেওঁৰ সহকৰ্মী আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্কত আলোচনা ক্ৰমে সোমিয়ে কয়, “এতিয়া, মই যিসকলৰ লগত কাম কৰিছিলো তেওঁলোকৰ যিমান দূৰলৈ পাৰো সম্পৰ্কত আছো, Sunielৰ লগত তেওঁ WhatsAppৰ জৰিয়তে কথা পাতে বুলি জানিব দিয়ে।। জিনাত আমানৰ লগত তেওঁৰ সম্পৰ্ক খুউব ভাল বুলি উল্লেখ কৰিলে সোমিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
98,500SubscribersSubscribe

Trending