মিজো দুৰ্বৃত্তৰ আক্ৰমণত ক্ষতিগ্ৰস্ত সীমান্ত অঞ্চল পৰিদৰ্শন কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই

Must Read

গুৱাহাটী, ২৭ জুলাই, NKTV: কিছুসময় পিছতেই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হাফলঙৰ পৰা শ্বিলং অভিমুখে ৰাওনা হ’ব। লক্ষ্য স্থানত উপস্থিত হৈ মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ হিংসাত্মক আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সীমান্ত অঞ্চল পৰিদৰ্শন কৰিব মু্খ্যমন্ত্ৰীজনে। ড০ শৰ্মাই সীমান্ত অঞ্চলত উপস্থিত হৈ মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ আক্ৰমণৰ ফলত নিহত হোৱা অসম আৰক্ষীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বুলি জানিব পৰা গৈছে।
সোমবাৰে মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ আক্ৰমণৰ ফলত অসম আৰক্ষীৰ বহুকেইজন আৰক্ষী কৰ্মী নিহত হোৱাৰ সমান্তৰালভাৱে গুৰুতৰভাৱে আঘাত প্ৰাপ্তও হৈছিল। মিজোৰ আক্ৰমণত আহত হৈ হাস্পতালত চিকিৎসাধীন হৈ থকা আৰক্ষীৰ স্বাস্থ্যৰ বুজ ল’ব মুখ্যমন্ত্ৰীজনে। উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীক সংগ দিব অসম আৰক্ষীৰ DGP আৰু অশোক সিংঘলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
128,000SubscribersSubscribe

Trending