মিজোৰ আক্ৰমণত শ্বহীদ হোৱা জোৱানৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী বিশেষ ঘোষনা

Must Read

গুৱাহাটী, ২৭ জুলাই, NKTV: অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্বিলত উপস্থিত হৈ মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ আক্ৰমণৰ ফলত নিহত হোৱা অসম আৰক্ষীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। সোমবাৰে মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ হিংসাত্মক আক্ৰমণৰ ফলত ৫জনকৈ অসম আৰক্ষী নিহত হোৱাৰ লগতে বহুকেইজন আৰক্ষী গুৰুতৰ ভাৱে আঘাট প্ৰাপ্ত হৈছিল। আঘাত প্ৰাপ্ত আৰক্ষীৰ খবৰ লবলৈ অশোক সিংঘলৰ সৈতে চিকিৎসা উপস্থিত হৈ তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱা পৰিলক্ষিত হ’ল।
উল্লেখযোগ্য যে, মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ আক্ৰমণৰ ফলত শ্বহীদ হোৱা আৰক্ষীৰ পৰিয়ালে চৰকাৰী চাকৰি পোৱাৰ কথা ঘোষনা কৰিছে চৰকাৰে। ইয়াৰ উপৰিও শ্বহীদৰ পৰিয়াললৈ ৫০ লাখকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষনা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
আজি শ্ৰদ্ধাঞ্জলি এই অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ পিছত শিলচৰত হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলৰ সম্বোধন কৰিছিল। এই সংবাদমেলতেই মুখ্যমন্ত্ৰীয়ে শ্বহীদৰ পৰিয়াললৈ চৰকাৰী সাহাৰ্য আগবঢ়োৱাৰ কথা ঘোষনা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
128,000SubscribersSubscribe

Trending