ভৰলু নদীৰ পানীত অৱস্থিতি লৈছে মাৰাত্মক কৰ’না ভাইৰাছে

Must Read

গুৱাহাটী, ১৯ জুন, NKTV: অসমৰ গুৱাহাটীস্থিত ভৰলু নদীৰ পানীত কৰ’না ভাইৰাছৰ অৱস্থিতি। পানীৰ নমুনা পৰীক্ষাত ওলাল এই তথ্য। দেশৰ বিভিন্ন ৰাজ্যত থকা নদ-নদীসমূহৰ পানীৰ নমুনা সংগ্ৰহ কৰিছিল বিজ্ঞানীসকলে। দেশৰ বিভিন্ন নদ-নদীসমূহৰ পৰা সংগ্ৰহ কৰা পানীৰ নমুনাৰ পৰা পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। দেশৰ নদ-নদীসমূহৰ পানী এতিয়া ভৰি পৰিছে কৰ’না ভাইৰাছেৰে। বিজ্ঞানীসকলে দেশৰ বিভিন্ন ৰাজ্যৰ নদ-নদীসমূহৰ পৰা পানীৰ নমুনা সংগ্ৰহ কৰাৰ সমান্তৰালভাৱে অসমৰ গুৱাহাটীস্থিত ভৰলু নৈৰ পানীৰ নমুনাও সংগ্ৰহ কৰিছিল। ভৰলু নৈৰ পানীৰ নমুনা পৰীক্ষাৰ কৰা পিছত জানিব পৰা গৈছে ভৰলু নৈৰ পানীত অৱস্থান লোৱা মাৰাত্মক কৰ’না ভাইৰাছৰ উপস্থিতিৰ কথা। ইয়াৰ পূৰ্বে গুজৰাটৰ সৱৰমতী নদীৰ পানীত ধৰা পৰিছিল কৰ’না ভাইৰাছৰ উপস্থিতি। নদীখনৰ পৰা গ্ৰহণ কৰা সকলো পানীৰ নমুনাতে কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাক লৈ উদ্বেগ হৈ পৰিছে বিজ্ঞানীসকল। সৱৰমতীৰ লগতে গুজৰাটৰ কাণকাৰিয়া, চান্দুলা হ্ৰদৰ পৰাও সংগ্ৰহ কৰা হৈছে নমুনা। এই নমুনাটো ধৰা পৰিছে কৰ’না ভাইৰাছ। ইয়াৰ পিছতেই পৰীক্ষা কৰা হৈছিল গুৱাহাটীৰ পানীৰ নমুনা। নদীৰ পানীত কৰ’না ভাইৰাছৰ উপস্থিতিক লৈ চলোৱা এই গৱেষণাত আইআইটি গান্ধী নগৰে ধৰি দেশৰ ৮ টা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
98,500SubscribersSubscribe

Trending