দিল্লীলৈ কিয় গৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ?

Must Read

গুৱাহাটী, ১৮ জুন, NKTV:শুকুৰবাৰে দিল্লীত উপস্থিত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰীৰ পদত্যাগ কৰাৰ পিছত পোনপ্ৰথমবাৰলৈ দিল্লীত উপস্থিত হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজন। ৰাজধানী চহৰ দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিজেপিৰ উচ্চ পৰ্যায়ৰ বৈঠকত অংশ ল’বলৈ দিল্লীত উপস্থিত হৈছেগৈ সৰ্বানন্দ সোণোৱাল। হাই কমাণ্ডে সৰ্বানন্দ সোণোৱালক মাতি পঠিওৱাৰ পিছতেই ভিষ্টাৰা বিমানেৰে দিল্লীলৈ উৰা মাৰে বুলি জানিব পৰা গৈছে। ভ্ৰমণকালত সৰ্বানন্দ সোণোৱালক সংগ দিলে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাই। ইয়াৰ পিছতেই ৰাজ্যৰ বানপানীৰ সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ’ব সৰ্বানন্দ সোণোৱালে। অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণৰ সময়ত কৈছিল যে, যিহেতু সৰ্বানন্দ সোণোৱাল ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ৰাজনীতিৰ সকলোবোৰ অভিজ্ঞতাৰে পুষ্ট গতিকে অচিৰেই বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ নেতাই তেওঁলৈ বিশেষ দায়িত্ব আগবঢ়াব। যদিও বিজেপিৰ নেতাসকলে সোণোৱালক কি দায়িত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অৱগত নহয় বুলি জানিবলৈ দিছিল। নিৰ্বাচনৰ পূৰ্বে জে পি নাড্ডাৰে সৈতে সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিলিত হোৱাত আগন্তুক ৫ বছৰলৈ হিমন্তক মুখ্যমন্ত্ৰী পদৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে সৰ্বানন্দ সোণোৱালক এক নতুন দায়িত্ব প্ৰদান কৰাৰ কথা প্ৰকাশ কৰিছিল। এক সংবাদমেলত ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
79,400SubscribersSubscribe

Trending