পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভাষণ সম্প্ৰচাৰৰ বাবে giant screen স্থাপন কৰাৰ পৰিকল্পনা

Must Read

গুৱাহাটী, ২০ জুলাই, NKTV: অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে (এআইটিএমচি) giant screen স্থাপন কৰাৰ পৰিকল্পনা হাতত লৈছে। ২১ জুলাইত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভাষণ সম্প্ৰচাৰ কৰিবলৈ বিশেষকৈ বিজেপি শাসিত ৰাজ্যসমূহত giant screen স্থাপন কৰাৰ পৰিকল্পনা কৰাৰ কথা এএনআইৰ সন্মুখত প্ৰকাশ কৰিছে TMCৰ নেতা মদন মিত্ৰই ।
TMCৰ নেতা মদন মিত্ৰই সদৰি কৰে যে এই giant screen সমূহ ত্ৰিপুৰাৰ আগৰতলা, অসমৰ গুৱাহাটী আৰু শিলচৰ, গুজৰাট, উত্তৰ প্ৰদেশ আৰু পঞ্জাৱ আদিত ঠাইত স্থাপন কৰাৰ কথা আছে।
জানিব পৰা মতে মূল অনুষ্ঠানটো দিল্লীৰ সংবিধান ক্লাৱত অনুষ্ঠিত হ’ব। ইয়াৰ পৰাই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কলকাতাৰ পৰা সমবেত লোকসকলক সম্বোধন কৰিব।
TMCয়ে ২১ জুলাইত বিৰোধী নেতাসকলক আমন্ত্ৰণ জনাব। এই দিনটোক TMCএ শ্বহীদ দিৱস হিচাপে উদযাপন কৰিব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে প্ৰায় যোৱা বছৰেই এই অনুষ্ঠানৰ বাবে আয়োজন কৰা হৈছিল বুলি TMCৰ নেতা মদন মিত্ৰই জানিবলৈ দিয়ে।
তেওঁ দৃঢ়ভাৱে কয় যে, এই অনুষ্ঠানৰ জৰিয়তে দেশৰ সাধাৰণ জনতাই অনুভৱ কৰিব যে নিৰ্বাচনৰ ফলাফলৰ পিছত মমতা বেনাৰ্জীয়েই বিজেপিৰ বিৰুদ্ধে থকা একমাত্ৰ প্ৰতিদন্দী। ‘Delhi Chalo’ৰ দিশেও এয়া এক পদক্ষেপ হ’ব বুলিও নেতা জনে মত প্ৰকাশ কৰিছে।
এইবাৰ এই শ্লোগান হ’ব ‘মোডী ভাৰত চোৰো’ বুলি ইতিমধ্যে জানিব পৰা গৈছে। উত্তৰ প্ৰদেশৰ নিৰ্বাচনত বিজেপিয়ে এক বৃহৎ ক্ষতিৰ সন্মুখীন হ’ব আৰু ২০২৪ চনত বিজেপিয়ে ক্ষমতাত অধিস্ত্ৰীত হৈ থাকিব পাৰে নে নাই সেয়া গম পোৱা যাব কথা বুলি TMCৰ নেতা মদন মিত্ৰই মত প্ৰকাশ কৰে।
TMCএ ১৯৯৩ চনত কলকাতাত মমতা বেনাৰ্জীৰ নেতৃত্বত ৰাজ্যিক যুৱ কংগ্ৰেছৰ দ্বাৰা আয়োজিত এক ৰেলীত আৰক্ষীৰ গুলীচালনাৰ ফলত ১৩ জন লোকে প্ৰাণ হেৰুৱাইছিল। এই ১৩ জনলোকৰ স্মৃতিত ২১ জুলাই তাৰিখে TMCএ পালন কৰি আহিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
98,500SubscribersSubscribe

Trending