কেনে আছে আলফাৰ দূৰ্ধৰ্ষ কেডাৰ বেবী মৰাণ ?

Must Read

গুৱাহাটী, ২০ জুলাই, NKTV: কেনে আছে বেবী মৰান? বেবী মৰান ৯০ দশকৰ এটা চৰ্চিত নাম। আলফাৰ দূধৰ্ষ কেডাৰ বেবী মৰাণ এতিয়া ক’ত আছে বাৰু?
আলফাৰ এসময়ৰ দূৰ্ধৰ্ষ কেডাৰগৰাকীৰ কথা জানিলে আপুনিও হয়তো আচৰিত হব। আলফাৰ সশস্ত্ৰ সংগ্ৰামী বেবী মৰাণ এতিয়া সুস্থ নহয়। হাতত অস্ত্ৰ তুলি লোৱা সেই দূধৰ্ষ কেডাৰগৰাকীয়ে সকলো ত্যাগ কৰি পদপথত আশ্ৰয় লৈছিল। অসম আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ অতি ঘনিষ্ঠ দূধৰ্ষ আলফা কেডাৰ দীনেশ বৰুৱাৰ পত্নী বেবী মৰাণ। কেডাৰগৰাকীয়ে ৪ বছৰৰ পূৰ্বে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল। শিৱসাগৰ জিলাৰ বেচৰকাৰী সংস্থা হিউমেন ৱেলফেয়াৰ চচাইটিয়ে ২০১৭ চনতেই মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা কেডাৰ গৰাকীক উদ্ধাৰ কৰিছিল। তেতিয়াৰ পৰাই বেচৰকাৰী সংস্থাটোৱে কেডাৰগৰাকীৰ চিকিৎসাৰ দায়িত্ব লৈছিল।
হিউমেন ৱেলফেয়াৰ চচাইটিয়ে গৃহ এৰি পদপথত আশ্ৰয় লোৱা বেবী মৰাণক উদ্ধাৰ কৰাৰ পিছত নাজিৰাস্থিত মানসিক ৰোগী পুনঃসংস্থাপন কেন্দ্ৰ জ্যোতি গৃহলৈ লৈ গৈছিল। তেতিয়াৰপৰাই আলফা কেডাৰ গৰাকীৰ ঠিকনা নাজিৰাস্থিত জ্যোতি গৃহ। সংস্থাটোৰ মুৰব্বী নাছেৰ খানৰ চাৰি বছৰীয়া নেৰানেপেৰা চেষ্টা আৰু আতিথ্যত ফলত এতিয়া ক্ৰমাৎ সুস্থ হৈ উঠিছে বেবী মৰাণ। এতিয়া শান্তিৰে জীৱন নিৰ্বাহ কৰাৰ ওপৰত গুৰুত্ব দিছে আলফাৰ পূৰ্বৰ দূৰ্ধৰ্ষ সশস্ত্ৰ সংগ্ৰামী বেবী মৰাণে। NKTV ৰ আগত আলফা কেডাৰ গৰাকীয়ে কৈ গ’ল অতীতৰ বহু ৰোমাঞ্চকৰ কথা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
98,500SubscribersSubscribe

Trending