আত্মসমৰ্পন কৰিলে NLFBৰ মুৰব্বী এম বাথায়ে

Must Read

গুৱাহাটী, ২২ জুলাই, NKTV: আত্মসমৰ্পন কৰিলে NLFBৰ নেতা এম বাথায়ে। মাজবাটৰ লালপানী আৰক্ষী চকীত আত্মসমৰ্প কৰিলে NLFBৰ মুৰব্বী এম বাথায়ে। অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া আৰু NIAৰ বিষয়াসকলৰ উপস্থিতিত বাথাৰ আত্মসমৰ্পন। এম বাথাৰ আত্মসমৰ্পণ অনুষ্ঠানত উপস্থিত ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা।
এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ টুইটাৰত বাথায়ে লালপানী আৰক্ষী চকীলৈ আহি থকা এটা ভিডিঅ’ আপলোড কৰি BTRলৈ শান্তি উভতি আহিব বুলি প্ৰকাশ কৰিছিল। মূলসুঁতিলৈ উভতি অহা সন্দৰ্ভত বাথাৰ পৰিয়ালেও আনন্দ প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে,২০২০ চনৰ ১২ অক্টোবৰ তাৰিখে NLFBনামৰ এই উগ্ৰপন্থী সংগঠনটোৰ জন্ম হৈছিল। কালি এক বিশেষ সুত্ৰযোগে আজি NLFBৰ নেতা বাথায়ে আত্মসমৰ্পন কৰাৰ কথা জানিব পৰা গৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
79,400SubscribersSubscribe

Trending