মুখ্যমন্ত্ৰী মামালৈ পেৰডী গীতেৰে ঈদৰ শুভেচ্ছা এগৰাকী ভাগিনৰ

Must Read

গুৱাহাটী, ২১ জুলাই, NKTV:আজি পৱিত্ৰ ঈদ উল আজহা। কভিডৰ ভয়াৱহ পৰিস্থিতিৰ বাবে এইবাৰো দেখিবলৈ পোৱা নগ’ল ঈদৰ উচাহ। যদিও সকলোবোৰ কভিড বিধি মানি ইছলাম ধৰ্মীলোক সকলে নামাজ পঢ়া দেখিবলৈ পোৱা গ’ল।
ইয়াৰ মাজতেই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলে এগৰাকী ভাগিনে। ঈদ উপলক্ষে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীক লৈ গোৱা এটা পেৰডী গীত উপহাৰ দিলে নগাঁৱৰ ৰাঙলুৰ এগৰাকী ইছলাম ধৰ্মালম্বী ছাত্ৰীয়ে ৷ কেৱল পেৰডী গীতেই নহয় লোকগীতৰ পৰা জ্যোতি সংগীত, ৰাভা সংগীত আৰু জিকিৰ পৰিবেশন কৰি সকলোকে মুগ্ধ কৰিলে ছাত্ৰী গৰাকীয়ে ৷

চেমিম চুলতানা বেগম নামৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী গৰাকীয়ে গীতৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহন নকৰাকৈ পিতৃৰ পৰাই শিকি গীত গাবলৈ আৰম্ভ কৰিছিল ৷ বৰ্তমান দেশৰ পৰিস্থিতিক লৈ নিজে পেৰডী গীত লিখি ঈদৰ দিনাই উপহাৰ হিচাপে দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীক ৷ ভৱিষ্যতে এগৰাকী কন্ঠশিল্পী হোৱাৰ আশা পুহি ৰাখিছে ছাত্ৰী গৰাকীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
86,700SubscribersSubscribe

Trending