পৰীক্ষা হ’ব নে? চৰকাৰৰ দোধোৰমোধোৰ স্থিতিকলৈ উদ্বিগ্ন শিক্ষাৰ্থী- অভিভাৱক

Must Read

গুৱাহাটী, ১৭ জুন, NKTV:

  • মেট্রিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিল হ’‍ব নে সংকুচিত বিষয়, সংকুচিত সময়েৰে হ’ব?
  • কোনো সিদ্ধান্তত উপনীত হ’‍ব পৰা নাই শিক্ষা বিভাগ
  • বৃহস্পতিবাৰে দিনজোৰা বৈঠকৰ অন্ততো সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে সংসদ
  • ছাত্র–ছাত্রীৰ জীৱনক লৈ হেতালি খেলাত অসন্তুষ্ট অভিভাৱক

কেবিনেটৰ পৰামৰ্শ অনুসৰি মেট্রিক–হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিল হ’‍ব নে সংকুচিত বিষয় আৰু সংকুচিত সময়েৰে পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল প্রদান কৰা হ’ব? এই পৰ্যন্ত কোনো সিদ্ধান্তত উপনীত হ’‍ব পৰা নাই শিক্ষা বিভাগ। বৃহস্পতিবাৰে ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে দিনজোৰা বৈঠকৰ আলোচনা কৰি মূল্যায়ন সন্দৰ্ভত কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে। ১০০ নম্বৰৰ হ’লেও পৰীক্ষা নাপাতিলে মূল্যায়নৰ কোনো বিকল্প নাই বুলি পৰিষদ আৰু সংসদৰ সদস্যসকলে মতপ্রকাশ কৰে। ইয়াৰ পিছতে সংকুচিত বিষয় আৰু সময়েৰে পৰীক্ষা  পতাৰ বিষয়ে শুকুৰবাৰে ছাত্র সংগঠন, অভিভাৱক, শিক্ষাবিদ, শিক্ষানুষ্ঠানৰ সৈতে আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত ঘোষণ কৰিব। ছাত্র–ছাত্রীৰ জীৱনক লৈ এনেদৰে হেতালি খেলাত অসন্তুষ্ট হৈ পৰিছে অভিভাৱকসকল

শিক্ষাৰ্থীসকলেও মানসিক চাপৰ সন্মুখীন হোৱাৰ লগতে কেৰিয়াৰ নষ্ট হোৱাৰ আশংকাত ভুগিছে। যিয়ে সিদ্ধান্ত নল’ওক সেয়া বিলম্ব নকৰাকৈ সিদ্ধান্ত ল’বলৈ শিক্ষামন্ত্রী আৰু মুখ্যমন্ত্রীলৈ আহ্বান জনাইছে পৰীক্ষাৰ্থীসকল

ছাত্র–ছাত্ৰীৰ ভৱিষ্যতক লৈ শিক্ষক–শিক্ষয়িত্রীসকলো উদ্বিগ্ন হৈ

ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সন্মুখত সকলোতকৈ বিপদ ৰূপে দেখা দিছে পুৰণিকলীয়া মূল্যায়ন ব্যৱস্থা। সময়মতে আধুনিক মূল্যায়ন প্রক্রিয়া আৰু আভ্যন্তৰীণ মূল্যায়ন প্রৱৰ্তন নকৰাৰ কুফল ভুগিছে শিক্ষাৰ্থীসকলে। চিবিএছ ই তথা বিভিন্ন ৰাজ্যই পৰীক্ষা বাতিল কৰিলেও মূল্যায়ন ব্যৱস্থাৰ  সীমাৱদ্ধাতাৰ বাবেই ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে মূৰে–কপালে হাত দি সময় পাৰ কৰিব লগীয়া হৈছে।

ব্যুৰ’ ৰিপ’ৰ্ট NKTV

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
69,200SubscribersSubscribe

Trending