নাহৰকটীয়াত আৰক্ষীৰ গুলীচালনাত আহত সন্দেহযুক্ত আলফা

Must Read

গুৱাহাটী, ২২ জুলাই, NKTV: বিগত কিছুদিনৰ পৰা ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ এনকাউন্টাৰ ঘটনা। অপৰাধীৰ বিৰুদ্ধে সৰব হৈ উঠিছে অসম আৰক্ষী। মুখ্যমন্ত্ৰীয়েও অসম আৰক্ষীক প্ৰদান কৰিছে শক্তি। মাথো অসমৰ পৰা নাইকিয়া হ’ব লাগে অপৰাধকে ধৰি বিভিন্ন্ অবৈধ চোৰাং বেহা।
আজি পুনৰ নাহৰকটীয়াৰ জয়পুৰত আৰক্ষীৰ এনকাউন্টাৰ কথা জানিব পৰা গৈছে। আৰক্ষীৰ গুলীচালনাত আহত সন্দেহযুক্ত আলফা ৷ এইবাৰ আৰক্ষীৰ গুলীত আহত হ’ল সন্দেহযুক্ত আলফা সদস্যজন বাবুল ডেকা। জয়পুৰ এলেকাত আলফাৰ নামত ধনদাবীৰ ঘটনাত জড়িত আছিল বাবুল ডেকা ৷ বৃহস্পতিবাৰে পুৱা দাবীকৃত ধন সংগ্ৰহ কৰিবলৈ যাওঁতে আৰক্ষী দেখি পলায়ন কৰিছিল সন্দেহযুক্ত আলফাৰ সদস্যজনে ৷
আৰক্ষীৰ গুলিত বাও ভৰিত আঘাত প্ৰাপ্ত হৈছে বাবুল ডেকা। জানিব পৰা মতে জয়পুৰ চাহ বাগিছাত এই ঘটনা সংঘটিত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
79,400SubscribersSubscribe

Trending